বোকাজানঃ প্ৰতিটো কথাতে খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি,মাটি, ভোটিৰ কথা কোৱা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰখনে অসমৰ লাখ লাখ নিবনুৱাৰ স্বাৰ্থৰ প্ৰতি পিঠি দি বন বিভাগৰ কেইবা শ পদত অসমৰ বাহিৰৰ প্ৰাৰ্থীক নিযুক্তি দিবলৈ ওলোৱা কাৰ্যত ক্ষুব্ধ হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ।
এই সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ তালুকদাৰ আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে, “পৰিবৰ্তনকামী জনগণৰ ভোটেৰে নিৰ্বাচিত এই চৰকাৰখনে বিগত ২০১৬ চনৰ ২২ ডিচেম্বৰত ৫২৫ টা বনৰক্ষী, ৮৪ টা বন সংৰক্ষক পৰ্যায়ৰ কাৰ্যালয় সহায়ক, ৬৭ টা সঞ্চালক পৰ্যায়ৰ কাৰ্যালয় সহায়কৰ লগতে অন্যান্য ডেৰ শতাধিক পদত চৰ্তহীন আবেদন বিচাৰি বিজ্ঞাপন দিছিল, যত সদ্যহতে হাজাৰ হাজাৰ বহিৰাগতই অনলাইনযোগে আবেদন কৰিছে আৰু এটি অসমবিৰোধী চক্ৰই ইতিমধ্যে পৰকল্পিতভাবে অসমৰ নিবনুৱাক বঞ্চিত কৰাৰ ষড়যন্ত্ৰ অব্যাহত ৰাখিছে৷ ইয়াক কোনোপধ্যে মানি লোৱা নহব৷”