নাগ্ৰীজুলিঃ বন্যপ্ৰাণী সংৰক্ষণ আইনক ভেঙুচালি কৰি অসমৰ এখন জিলাত বছৰৰ পিছত বছৰ ধৰি চলি আহিছে বন্যপ্ৰাণী নিধনৰ পৰম্পৰা৷ পৰম্পৰাৰ নামত মুকলিকৈ বন্যপ্ৰাণী নিধনযজ্ঞ চলি অহা এই জিলাখন হৈছে বিটিএডিৰ অন্তৰ্গত বাগছা।
জিলাখনৰ তামুলপুৰ মহকুমাৰ ভূটান সীমান্তৱৰ্তী অঞ্চলত সম্প্ৰতি অব্যাহত আছে বন্যপ্ৰাণী নিধন ৷ ৪-৫জনৰ পৰা আৰম্ভ কৰি১০-১২জনকৈ লোকেৰে একোটাকৈ দল গঠন কৰি সীমান্তৱৰ্তী অঞ্চলৰ পথাৰ, হাবি আদি ঠাইত এন্দুৰ, শহাপহু কেটেলা পহু, চৰাই আদি বিভিন্ন বন্যপ্ৰানী নিধন কৰি আহিছে একাংশ লোকে৷