ডিজিটেল ডেস্কঃ ভাৰতীয় বজাৰত চীনত নিৰ্মিত প্লাষ্টিকৰ কণীয়ে বিগত কেইবামাহ ধৰি সৰ্বসাধাৰণৰ মনত সন্দেহৰ সৃষ্টি কৰাৰ সময়তে এই বিষয়ত থকা ভূল ধাৰণা আঁতৰাই এক প্ৰতিবেদন দাখিল কৰিছে কমিটিয়ে।
দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ তেজপুৰ, বাইহাটা চাৰিআলিতো পোৱা গৈছিল প্লাষ্টিকৰ কণী। দেশত মুকলি কৰা হৈছিল হেল্পলাইন। উল্লেখ্য যে কড়েয়াৰ পৰা প্ৰথমে প্লাষ্টিক কণীৰ অভিযোগ উত্থাপিত হোৱাৰ পিছত চীনৰ পৰা টাৱাং হৈ প্লাষ্টিকৰ কণী অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বিয়পি পৰাৰ খবৰ প্ৰকাশিত হৈছিল।