ডিজিটেল ডেস্কঃ কেন্দ্ৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিব নোৱৰা তামিলনাডুৰ কৃষকসকলে এইবাৰ লৈছে প্ৰতিবাদৰ এক নতুন কাৰ্যসূচী। বিগত ৩০ দিন ধৰি নায্যপ্ৰাপ্তিৰ যুঁজ অব্যাহত ৰখা কৃষকে এইবাৰ মোদীৰ মুখা পিন্ধি চাবুকেৰে কোবাইছে কৃষকক। একপ্ৰকাৰ কেন্দ্ৰৰ অন্যায়-অত্যাচাৰৰ বলি হোৱা বুলি এনেদৰে ব্যক্ত কৰিছে কৃষকে।
নায্যপ্ৰাপ্তিৰ বাবে মৃত কৃষকৰ লাওখোলা ডিঙিত আঁৰি লোৱাৰপৰা আৰম্ভ কৰি সামূহিক মুণ্ডন কৰা তামিলনাডুৰ কৃষকৰ দলে কেইদিনমান আগেয়ে নগ্ন হৈ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ চেষ্টা কৰিছিল।