NewsNextOne.com@কাৰ্বি আংলংঃ-
বোকাজানত আজিও অব্যাহত আছে বন্য হস্তীৰ তাণ্ডৱ । বোকাজান মহকুমাৰ বিভিন্ন স্থানত সঘনাই বনাঞ্চলৰ পৰা বন্যবস্তী ওলাই আহি জনবসতিপূৰ্ণ স্থানত তাণ্ডৱৰ সৃষ্টি কৰা দৃশ্য এতিয়া সহজলভ্য হৈ পৰিছে ৷ প্ৰতিদিনে মানুহৰ বাৰীত, ঘৰ অথবা কৃষি পথাৰত উপদ্রপ চলাই সাধাৰণ কৃষকৰ নিদ্ৰা হৰণ কৰিছে বন্যহস্তীৰ জাকে ৷
আজি কেইবাদিনো ধৰি বোকাজান মহকুমাৰ বোকাজান বন সংমণ্ডলৰ অধীনৰ তথা বোকাজান আৰু বৰজান পৰিষদীয় সমষ্টি দুটাৰ অন্তৰ্গত মাতিপুল, ঘৰীয়ালডুবি, ফুলবাৰী, হাটীগড়, ফিচাৰিপাৰ আদি অঞ্চলত আঠ-দহ জনীয়া এটা বনৰীয়া হাতীৰ জাকে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ।