newsnextone.com | নগাঁওঃ অসম গ্ৰামীণ বিকাশ বেংকত ঋন প্ৰদানৰ নামত সংঘটিত হৈছে বৃহৎ বিত্তীয় কেলেংকাৰী। ভূৱা হিতাধিকাৰীৰ নামত দুষ্ট চক্ৰই কৌশলেৰে লুটিলে বুজন পৰিমাণৰ ধন। এনে ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ ৰাইদঙীয়াস্থিত অসম গ্ৰামীণ বিকাশ বেংকত। জানিব পৰা মতে, বেংকটোৰ শাখাত আদিত্য মেধি নামৰ এজন সেনা জোৱানৰ নামত ভূৱা নথি পত্ৰ আৰু ভূৱা ফটোৰে একাউন্ট খুলি বেংকৰ একাংশ বিষয়া-কৰ্মচাৰী আৰু এটা দুষ্ট চক্রই মিলি তিনি লাখ টকা লুট কৰে ।
ঘটনাৰ বিৱৰণী অনুসৰি, এই ঘটনা সংঘটিত হৈছিল ২০১০ চনতে। কিন্তু এই বৰ্ষৰ চলিত মাহত সেনা জোৱানলৈ বেংকে প্ৰেৰণ কৰে এখন চমন পত্ৰ। বেংকৰ চমন পত্ৰ পাই হতভম্ব হৈ সূদুৰ দিল্লীৰ পৰা আহি বেংকত উপস্থিত হয় আদিত্য মেধি নামৰ সেনা জোৱানজন। জোৱান জনে নথি পত্ৰ পৰীক্ষা কৰি নথি পত্ৰসমূহ ভুৱা বুলি নিশ্চিত হয়। আনকি ফটো কপিও বেলেগৰ। পিছে বেংক কৰ্তৃপক্ষৰ পৰা জোৱানজনে কোনো ধৰণৰ সদুত্তৰ নপোৱাত জাজৰি থানাত এক গোচৰ তৰে।