newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিজেপি দলৰ জ্যেষ্ঠ নেতা অটল বিহাৰী বাজপেয়ীৰ অৱস্থা এতিয়া অতি সংকটজনক হৈ পৰিছে। বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ দীৰ্ঘকাল ধৰি দিল্লীস্থ এইমছ হস্পিতালত চিকিত্সালয়ত চিকিত্সাধীন হৈ থকা অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ বুজ ল’বলৈ বৃহস্পতিবাৰে এইমছত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে ৰাহুল গান্ধী, মমতা বেনাৰ্জীকে ধৰি কেইবাগৰাকীও ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তি উপস্থিত হৈছে।
প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ স্বাস্থ্যৰ অৱনতিৰ বিষয়ে অৱগত হৈয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বৃহস্পতিবাৰে এইমছত উপস্থিত হৈ বাজপেয়ীৰ স্বাস্থ্যৰ বুজ লয়। আনফালে বিৰোধী দল কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধীয়েও দিনৰ ভাগত এইমছত উপস্থিত হৈ বাজপেয়ীৰ আশু আৰোগ্য কামনা কৰে।