106
newsnextone । বোকাজানঃ দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ মৃত্যুত শোকত ম্ৰিয়মান হৈ পৰিছে বোকাজানবাসী। প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন উপাধিৰে সন্মানীত অটল বিহাৰী বাজপেয়ীলৈ শ্ৰদ্ধাঞ্জলি জনাই বোকাজানত ভাৰত সেৱাশ্ৰম বোকাজান শাখাৰ উদ্যোগত প্ৰণৱ বিদ্যাপীঠ, প্ৰণৱ জুবলি মহাবিদ্যালয়ৰ সহযোগত বাজপেয়ীৰ প্ৰতিচ্ছবি লৈ বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী তথা শিক্ষক-শিক্ষয়িত্ৰী সকলে বাহিৰ কৰে এক মৌন সমদল।