newsnextone.com | ডিজিটেল ডেস্কঃ আপোনাৰ নিশ্চয় ব্লু-হোৱেল গেমৰ কথা মনত আছে। প্ৰায় এবছৰ পূৰ্বে ইন্টাৰনেটত সন্ত্ৰাস সৃষ্টি কৰা ব্লু-হোৱেল নামৰ ভয়ানক চেলেঞ্জিং গেম বিধে বিশ্বৰ বিভিন্ন দেশত কেইবাজনো শিশু, কিশোৰ আৰু যুৱকৰ প্ৰাণ লোৱা বুলি বাতৰি প্ৰকাশ হৈছিল।
সদ্যহতে এই জীৱনহাৰী খেলবিধৰ সন্ত্ৰাস লোপ পাইছে যদিও ইন্টাৰনেট, ছ’চিয়েল মিডিয়াত এনেকুৱাই জীৱননাশী আন এক ভয়ানক চেলেঞ্জিং গেমৰ প্ৰসাৰ হোৱাৰ বাতৰি ভাইৰেল হৈ পৰিছে। যিয়ে ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত মূল সন্ত্ৰাসৰ কাৰণ হৈ পৰিছে।