Home ৰাজ্যদৰঙৰ ৰাজপথত প্ৰৱক্তাৰ গুণ্ডাগিৰিঃ ছাত্ৰৰ অভিযোগ

দৰঙৰ ৰাজপথত প্ৰৱক্তাৰ গুণ্ডাগিৰিঃ ছাত্ৰৰ অভিযোগ

by News Desk
136 views
A+A-
Reset

newsnextone.com | মঙলদৈঃ শিক্ষক দিৱসলৈ মাজত মাথো কেইদিনমান, আৰু তাৰ মাজতে শিক্ষক সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হল মঙ্গলদৈৰ এখন ব্যক্তিগত শিক্ষানুষ্ঠানত।’ৰঞ্জিত শৰ্মা একাডেমি’ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ জিন্টু ডেকাৰ অভিযোগ প্ৰবক্তাৰ বিৰুদ্ধে।দৰং জিলাৰ মঙ্গলদৈ আৰক্ষী থানাৰ অন্তৰ্গত বিজুলী গাওঁৰ সোনাৰাম ডেকাৰ পুত্ৰক, মঙলবাৰ অৰ্থাৎ ২১ আগষ্ট তাৰিখে ৰঞ্জিত শৰ্মা একাডেমিৰপৰা ঘৰলৈ গৈ থকা অৱস্থাত একেখন কলেজৰে  বানিজ্যিক বিভাগৰ অধ্যাপক মৃনাল বৰদলৈ আৰু বিজ্ঞান বিভাগৰ অধ্যাপক দিব্যজ্যোতি শৰ্মাই ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পিপৰা দোকানৰ সমীপত মাৰধৰ কৰাৰ গুৰুতৰ অভিযোগ উঠিছে।

অভিযোগকাৰী জিন্টু ডেকাই জানিবলৈ দিয়া মতে কোনো কাৰণ নোহোৱাকৈয়ে এখন ব্যক্তিগত খণ্ডৰ কনিষ্ঠ মহাবিদ্যালয়ৰ দুগৰাকী অধ্যাপকে এনেদৰে এগৰাকী ছাত্ৰক ৰাজপথত মাৰধৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।ঘটনাস্থলীত স্হানীয় লোক উপস্থিত হোৱাত ঘটনা কিছু শাম কাটে যদিও কি কাৰনত  অধ্যাপক দুজনে ৰাজপথৰ দাঁতিত ছাত্ৰজনক এনেদৰে মাৰধৰ কৰে সেয়া কিন্তু এতিয়ালৈকে জানিব পৰা হোৱা নাই।ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰজনে অভিযুক্ত অধ্যাপক দুগৰাকীৰ বিৰুদ্ধে মঙ্গলদৈ সদৰ থানাত এখন অভিযোগ দাখিল কৰিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0