ডিজিটেল ডেস্কঃ আজি পবিত্ৰ ঈদ। বিশ্বত শান্তি আৰু সম্প্ৰতি স্থাপনৰ কামনাৰে আজি বিশ্বৰ ইছলাম ধৰ্মালম্বী লোক সকলে উলহ মালহেৰে পবিত্ৰ ঈদ-উল-জ্বোহা পালন কৰা পৰিলক্ষিত হৈছে। কিন্তু এই পবিত্ৰদিনটোতো সন্ত্ৰাসজৰ্জৰ কাশ্মীৰত সৃষ্টি হৈছে অপ্ৰিতীকৰ পৰিস্থিতিৰ।
পবিত্ৰ ঈদৰ নামাজ সম্পন্ন কৰি উভটাৰ পথত কাশ্মীৰ কুলগাম জিলাত সন্ত্ৰাসবাদীৰ আক্ৰমণত এজন আৰক্ষী কৰ্মী নিহত হয়। আনহাতে, শ্ৰীনগৰত একাংশ বিক্ষোভকাৰীয়ে শিলাবৰ্ষণ কৰি পবিত্ৰ ঈদৰ পৰিৱেশ বিনষ্ট কৰা পৰিলক্ষিত হয়।