60
ডিজিটেল ডেস্কঃ গহনা-গাথৰি লৈ বিয়াৰ দিনা কইনা উধাও হোৱা নিশ্চয় শুনিছে। কিন্তু যৌতুক লৈ গাৰ্লফ্ৰেণ্ডৰ লগত পলোৱা দৰা খুব কমেইহে দেখিছে। এনেই এক ঘটনা ঘটিছে বিহাৰৰ গয়া জিলাত। ফলত মূৰে-কপালে হাত দিবলৈ বাধ্য হৈ পৰিছে কইনাৰ পৰিয়ালে।
পাটনাৰপৰা প্ৰায় ১০০ কিলোমিটাৰ দূৰৈৰ গয়া জিলাৰ গেৱালবিঘাৰ অঞ্চলৰ ৰজন কুমাৰ নামৰ যুৱকজনৰ বিয়াৰ বাবে পালন কৰা হৈছিল বিয়াৰ পূৰ্বৰ তিলক বিধি।