newsnext.com।গুৱাহাটীঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ সপ্তম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস আৰু জনগোষ্ঠীয় সন্মিলনখন গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত শনি আৰু দেওবাৰে গুৱাহাটীৰ শিল্পগ্ৰাম প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়।
ৰাষ্ট্ৰযন্ত্র আৰু আগ্ৰাহী ভাৰতীয় সমাজৰ অবিৰত শোষণ-লুন্ঠন আৰু বিদেশীৰ অবাধ প্ৰবজনৰ ফলশ্ৰুতিত মেৰুদণ্ড ভাগি পৰা উওৰ-পূৰ্বাঞ্চলৰ পাহাৰ ভৈয়ামৰ ভূমিপুত্র সকলে এনে ভয়ংকৰ প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ সন্মিলিত উওৰ পূৰ্বাঞ্চলীয় শক্তিৰ একক প্ৰচেষ্টাৰ প্ৰয়োজন বুলি পৰিষদে গণ্য কৰি আহিছে ।