newsnextone.com | নগাঁওঃ ইণ্ডোনেচিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেমছৰ মহিলাৰ ৪×৪০০ মিটাৰ ৰীলে দৌৰত দলগতভাৱে সোণৰ লগতে আন দুটা ইভেন্টত ৰূপৰ পদক দখলেৰে পদক লাভৰ হেট্ৰিক অৰ্জনেৰে ৰাজ্যৰ লগতে দেশবাসীক গৌৰাম্বিত কৰা অসমৰ উৰন্ত কন্যা তথা ‘ধিং এক্সপ্ৰেছ’ হিমাৰ নগাঁৱৰ ধিঙৰ কান্ধলীমাৰী নিজা বাসগৃহত উপস্থিত হয় সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ এটি প্ৰতিনিধি দল।
দলটোৰ হৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মোশ্বাৰফ হুছেইন কবিৰে স্বৰ্ণকন্যা হিমা দাসৰ পিতৃ-মাতৃক ফুলাম গামোচা আৰু জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰে। পিছত সাংবাদিকৰ লগত হোৱা এক বাৰ্তালাপত আমছুৰ নেতাজনে কয় যে, অসম কন্যা হিমা দাসে এছিয়ান গেমছত তিনিটাকৈ পদক দখলেৰে অসম তথা দেশলৈ যি গৌৰৱৰ কঢ়িয়াই আনিলে তাৰ বাবে আমি গৌৰৱবোধ কৰিছো। সেয়ে আমি হিমাৰ পৰিয়াললৈ শুভেচ্ছা আৰু অভিনন্দন জনোৱাৰ লগতে হিমাই যাতে অলিম্পিকতো পদক জয়েৰে দেশলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে তাৰে কামনা কৰিছো।