newsnextone.com | শিৱসাগৰঃ ১৯৩৫ চনত আৰম্ভ হৈছিল অসমৰ ছবি জগতৰ বৰ্ণিল যাত্ৰা। সমসাময়িক ভাৱে শিৱসাগৰত ১৯৩৭ চনত প্ৰতিষ্ঠা হৈছিল লক্ষ্মী ট’কীজ নামৰ ছবিগৃহ। একাশী বছৰীয়া স্মৃতি বুকুত সামৰি আজিৰ পৰা বন্ধ হ’ল অসমৰ দ্বিতীয় ছবিগৃহ লক্ষ্মী ট’কীজ।
নিৰ্বাক ধাৰাৰ পৰা সবাক ধাৰালৈ, ক’লা-বগা প্ৰযুক্তিৰ পৰা ৰঙীন প্ৰযুক্তিলৈ, ৰীলৰ যুগৰ পৰা ডিজিটেল ফৰ্মেটলৈ ছিনেমা যুগৰ এই সমূহ সময়ৰ সাক্ষী শিৱসাগৰৰ লক্ষ্মী ট’কীজ। ১৯৩৭ চনত অসমৰ দ্বিতীয়টো ছবিগৃহৰূপে মুকলি হৈছিল লক্ষ্মী ট’কীজ। তেজপুৰৰ আগৰৱালা পৰিয়ালৰ জোনাকী ছবিগৃহৰ পাছতে শিৱসাগৰত ৰামনিৱাস খেমকা পৰিয়ালে শিৱসাগৰত স্থাপন কৰিছিল এই ছবিগৃহ।