হোজাইঃ নামনিমুৱা অৱধ-আচাম ৰে’লৰ যাত্ৰীৰ পৰা দুৰ্বৃত্তই কাঢ়ি নিলে ৪৮ হাজাৰ টকা ৷ শুকুৰবাৰে নিশা ৭:৪০ মান বজাত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ৷ এহাল যুৱক- যুৱতী ডিমাপুৰৰ পৰা এন জে পি’লৈ গৈ থকা অৱস্থাত অৱধ-আচাম ৰে’ল খন হোজাইৰ যমুনামুখ ৰে’ল ষ্টেচনত ক্ৰচিং কৰাৰ সময়তে সুবিধা লৈ দুৰ্বৃত্তই এই যাত্ৰী দুগৰাকীৰ হাতৰ পৰা বেগ কাঢি় লৈ পলায়ন কৰে দুৰ্বৃত্তই ৷
জানিব পৰা মতে দুৰ্বৃত্তই লৈ যোৱা বেগটোত ভাৰতীয় ৪৬ হাজাৰ টকা, নেপালৰ ২ হাজাৰ টকা, এটিএম কাৰ্ড, দুটা ম’বাইল ফোন আৰু কিছু মূল্যৱান নথিপত্ৰ আছিল৷ ঘটনাৰ সন্দৰ্ভত যমুনামুখ ৰে’ল আৰক্ষীক অৱগত কৰে যদিও আৰক্ষীয়ে এই পৰ্যন্ত কোনো এজন দুৰ্বৃত্তক আটক কৰিবলৈ সক্ষম হোৱা নাই৷