newsnextone.com। তেজপুৰঃ শোণিতপুৰৰ বালিপৰাত সংধটিত হৈছে এক আচৰিত ঘটনা। অস্ত্র দেখুৱাই গাড়ীসহ ছয়টাকৈ গৰু লৈ উধাও দুৰ্বৃত্তৰ। শুকুৰবাৰে নিশা বালিপৰাৰ সমীপৰ সোতৰ মাইলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই ঘটনা।
নিশা প্ৰায় ১২ বজাত গোগামুখৰ পৰা এখন বলেৰ পিক আপ ভানত ছয়টাকৈ গৰু কঢ়িয়াই ধলা অভিমুখে মুজামিল হক আৰু বাবু আলি নামৰ দুই চালক আৰু হেণ্ডিমেন আহি থকা অৱস্থাত সোতৰ মাইলত পূৰ্বৰে পৰা ৰৈ থকা ছজনীয়া এটা দলে গাড়ীখনক আন এখন ইয়ন গাড়ীৰে আগচি ধৰি মৰানাস্ত্র দেখুৱাই দুই চালক আৰু হেণ্ডিমেনক নমাই আনি চকুত কলা কাপোৰ বান্ধি লুটপাট চলায়।