newsnextone.com। চতিয়াঃ ওঠৰ দফীয় দাবী পূৰণ কৰাৰ দাবীত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে সদৌ অসম মণ্ডল-কানানগো সন্মিলনীয়ে সমগ্ৰ ৰাজ্যখনৰ ৰাজহ চক্ৰ কাৰ্যালয় সমূহত অসহযোগৰ কাৰ্যসূচী ৰূপায়ন কৰে৷
বিশ্বনাথ জিলাৰ নদুৱাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়তো আজি অসহযোগ কাৰ্যসূচী ৰূপায়ন কৰে মণ্ডল-কানানগো সকলে৷ উল্লেখ্য যে সদৌ অসম মণ্ডল কানানগোহ সন্মিলনীয়ে যুক্তি সংগত ভাৱে দীৰ্ঘদিন ধৰি বিভিন্ন দাবী পূৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছে যদিও চৰকাৰে তেওঁলোকক গুৰুত্ব প্ৰদান নকৰাত সন্মিলনীয়ে যোৱা ১৪,১৫ আৰু ১৬ মে’ত অসহযোগ কাৰ্যসূচী ঘোষণা কৰাৰ পাচতে তেওঁলোকৰ দাবী সমূহ আলোচনাৰ মাধ্যমেৰে সমাধান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াত সন্মিলনীয়ে সাময়িক ভাবে স্হগিত ৰাখে অসহযোগ কাৰ্যসূচী৷