newsnextone.com। বঢ়মপুৰঃ স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ সমষ্টিত আজি মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে সদৌ তিৱা ছাত্ৰ সন্থা,সদৌ তিৱা মহিলা সন্থা,মৰিগাঁও জিলা ট্ৰাইবেল সংঘকে আদি কৰি ৭টা তিৱা জাতীয় সংগঠনে। ‘গুৱাহাটী মহানগৰী সম্প্ৰসাৰণ ২০১৭ বিধেয়কৰ’ বিৰুদ্ধে জাগীৰোডৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংগঠনকেইটাৰ সদস্যসকলে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
অসম চৰকাৰে কামৰূপ (ম), কামৰূপ (গ্ৰাম্য), মৰিগাঁও, দৰং আৰু নলবাৰী এই পাঁচখন জিলাৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভূমিক সামৰি ৰাজধানী ক্ষেত্ৰত সম্প্ৰসাৰণ কৰিবৰ বাবে ‘অসম ৰাজ্যিক ক্ষেত্ৰ উন্নয়ন প্ৰাধিকৰণ ২০১৭’ বিধেয়কখন বাজেট নিৰ্ধাৰণ কৰাৰ সিদ্ধান্তত লোৱাক লৈ সৰব হৈ পৰে মধ্য অসমৰ জাতীয় সংগঠনসমূহ। আজি মধ্য অসমৰ ৭টা কৈ জাতীয় সংগঠনে ৰাজপথত উলাই আহি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্তি দাহ কৰে।