Home ৰাজ্যপৰিৱৰ্তন !! বিধায়িকাৰ কথা মতে নীতিবৰ্হিভূতভাবে কাম নকৰাৰ পৰিণতি। দলংঘাট উন্নয়ণ খণ্ডৰ বিষয়াক শাস্তিমূলক বদলি

পৰিৱৰ্তন !! বিধায়িকাৰ কথা মতে নীতিবৰ্হিভূতভাবে কাম নকৰাৰ পৰিণতি। দলংঘাট উন্নয়ণ খণ্ডৰ বিষয়াক শাস্তিমূলক বদলি

by News Desk
94 views
A+A-
Reset

newsnextone.com। নগাঁওঃ পৰিবৰ্তনৰ প্ৰতিশ্ৰুতিৰে দিছপুৰৰ মচনদ দখল কৰা সৰ্বানন্দ সোনোৱাল নেতৃত্বাধীন চৰকাৰখনৰ একাংশ মন্ত্ৰী-বিধায়কৰ কৰ্ম-কাণ্ডক লৈ সচেতন মহলৰ মাজত চৰ্চা অব্যাহত থকাৰ সময়তে নগাওঁ জিলাত এগৰাকী চৰকাৰী বিষয়া বিধায়িকাৰ কথা মতে নীতিবৰ্হিভূত ভাবে কাম নকৰাৰ পৰিণতিত বদলি হ’বলগীয়া হোৱা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷
প্ৰাপ্ত খবৰ মতে,বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত দলংঘাট উন্নয়ণ খণ্ডৰ খণ্ড উন্নয়ণ বিষয়া জিতেন্দ্ৰ কুমাৰ নাথক শেহতীয়াভাবে বদলি কৰা হৈছে সুদুৰ লখিমপুৰ জিলাৰ বিহপুৰীয়া উন্নয়ণ খণ্ডলৈ ৷ যোৱা ১৫ ছেপ্টেম্বৰত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ বিভাগৰ যুটীয়া সচীবৰ দ্বাৰা স্বাক্ষৰিত মেম’ নং–পি আৰ দি-১২/১০/২০১৭-পি আৰ দি(বি)-৭৬ ৰ জৰিয়তে বিষয়াগৰাকীক বদলিকৰণৰ নিৰ্দেশ দিয়া হৈছে ৷ আচলতে বটদ্ৰৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ ৰোষত পৰাৰ বাবেই খণ্ড উন্নয়ণ বিষয়াগৰাকীক এইদৰে বদলি কৰা হৈছে বুলি অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ মতে,বিধায়িকা আঙুৰলতা ডেকাৰ নিৰ্দেশ পালন নকৰি বিষয়াগৰাকীয়ে বিভাগীয় নীতি-নিয়মক সন্মান জনোৱাৰ বাবেই বিষয়াগৰাকীয়ে লাভ কৰিলে এনে শাস্তিমূলক বদলি ৷ জানিব পৰা মতে, বিগত জুলাই মাহৰ মাজ ভাগৰ পৰাই বজাৰ আবন্টনক কেন্দ্ৰ কৰি বিধায়িকাৰ লগত বিষয়াগৰাকীৰ শীতল যুদ্ধ আৰম্ভ হৈছিল ৷ আন বছৰ বোৰৰ দৰেই বিগত জুলাই মাহত দলংঘাট উন্নয়ণ খণ্ডৰ অধীনত থকা চাৰিখন বজাৰ আবন্টন দিয়াৰ ক্ষেত্ৰত বিজেপি দলৰ কৰ্মীকহে অগ্ৰাধিকাৰ দিবলৈ বিধায়িকা গৰাকীয়ে খণ্ড উন্নয়ণ বিষয়া জিতেন্দ্ৰ কুমাৰ নাথক একপ্ৰকাৰে হেঁচা প্ৰয়োগ কৰিছিল ৷ আনকি বিজেপি কৰ্মীয়ে বজাৰ আবন্টন পোৱাৰ কৌশল ৰছনা কৰি বিধায়িকা গৰাকীয়ে বিভাগীয় নীতি-নিৰ্দেশনা মতে নিৰ্ধাৰণ কৰা নিবিদা দাখিলৰ তাৰিখো পিছুয়াই দিবলৈ নিৰ্দেশ দিছিল ৷ কিন্তু বিধায়িকা গৰাকীৰ তেনে হেঁচা বা নিৰ্দেশত শিৰনত নকৰি বিষয়াগৰাকীয়ে বিভাগীয় নীতি-নিয়মৰ মাজেৰেহে নিবিদা গ্ৰহন প্ৰক্ৰিয়া সম্পন্ন কৰাত বিধায়িকাৰ ৰোষত পৰিবলগীয়া বিষয়াগৰাকী ৷ কাৰণ এনেদৰে বিধায়িকাগৰাকীৰ শ্ৰুতলিপি মতে কাম নকৰাৰ বাবেই বিধায়িকাগৰাকী ক্ষুভিত হৈ পৰে আৰু পিছত বিষয়াগৰাকীক ফোন যোগে জৱাবদিহি কৰাৰ লগতে “চাই ল’ম” বুলি ভাবুকিও প্ৰদান কৰিছিল ৷ আনকি দলংঘাট বিজেপি যুৱ মৰ্চাৰ একাংশ কৰ্মীয়েও বিষয়াগৰাকীক কাৰ্যালয় কক্ষতে তেওঁলোকৰ বিধায়িকাৰ কথা মতে কাম নকৰাৰ বাবে বদলি কৰোৱাৰ ভাবুকিও দিছিল ৷ এনেদৰে বিধায়িকা আৰু যুৱ মৰ্চাৰ ভাবুকিত শংকিত হৈ সমগ্ৰ বিষয়টো তেতিয়াই বিভাগীয় উৰ্ধ্বতন কৰ্তৃপক্ষক বিষয়াগৰাকীয়ে অৱগত কৰিছিল যদিও এতিয়া এনেদৰে বদলিকৰণৰ নিৰ্দেশ পাই বিষয়াগৰাকী স্তম্ভিত হৈ পৰিছে ৷ সেয়ে বিভাগীয় নীতি-নিয়মেৰে নিজৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলৈ গৈ এনেদৰে পুৰস্কাৰ হিচাপে শাস্তিৰহে সন্মুখিন হ’বলগীয়া হোৱাত বিষয়াগৰাকী মানসিকভাবে ভাগি পৰিছে আৰু এই বদলিকৰণৰ নিৰ্দেশৰ বিৰুদ্ধে ইতিমধ্যে আদালতৰ কাষ চপাৰ যো-জা চলোৱা বুলি জানিব পৰা গৈছে ৷ কাজেই,দুৰ্নীতিমুক্ত আৰু নিকা প্ৰশাসনৰ শ্ল’গান দিয়া এই পৰিবৰ্তনকামী চৰকাৰৰ কাৰ্যকালতে সংঘটিত হোৱা এনে ঘটনাই এতিয়া সচেতন মহলত বেছ চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0