Home ক্ৰীড়া৩-১ গ’লেৰে সদৌ কাৰ্বি আংলং ইণ্টাৰ-চাব পুৰুষ ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত বিজয়ী লাংহীন

৩-১ গ’লেৰে সদৌ কাৰ্বি আংলং ইণ্টাৰ-চাব পুৰুষ ফুটবল চেম্পিয়নশ্বিপৰ চূড়ান্ত বিজয়ী লাংহীন

by News Desk
A+A-
Reset
ce123178-2bdc-4da1-9e54-63d6636f0739

newsnextone.com| খেৰণিঃ কাৰ্বি আংলং ক্ৰীড়া সংস্থাৰ উদ্যোগত প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা সদৌ কাৰ্বি আংলং ইণ্টাৰ-চাব পুৰুষ ফুটবল প্ৰতিযোগিতাখন এইবাৰ ডংকামোকাম ক্ৰীড়া সংস্থা আৰু কলঙা ক্ৰীড়া সংস্থাৰ সহযোগত পশ্চিম কাৰ্বি আংলঙৰ কলঙা ক্ৰীড়া সংস্থাৰ খেল পথাৰত অনুষ্ঠিত হৈ যায়। উল্লেখযোগ্য যে যোৱা ৩ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হোৱা প্ৰতিযোগিতাখনত সমগ্ৰ কাৰ্বি আংলঙৰ মুঠ ৪৮ টা ক্ৰীড়া সংস্থাই যোগদান কৰে। বিপৰীতে ডংকামোকাম ক্ৰীড়া সংস্থা আৰু লাংহীন ক্ৰীড়া সংস্থাই প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলত উপনীত হৈ যোৱাকালি খেলত দুয়ো দলে তীব্ৰ প্ৰতিদ্বন্দিতা আগবঢ়ায়। 

দুয়ো দলে চাৰি সহস্ৰাধিক দৰ্শক তথা সমৰ্থকক এক আকৰ্ষণীয় খেল প্ৰদৰ্শন কৰি দৰ্শকৰ মন জয় কৰাৰ লগতে এক আলোড়ন সৃষ্টি কৰে চূড়ান্ত খেলখনৰ খেলুৱৈসকলে। চাৰি সহস্ৰাধিক দৰ্শক তথা ক্ৰীড়া অনুৰাগীৰে ভৰি থকা খেলপথাৰত দুয়ো দলে সুন্দৰ খেল প্ৰদৰ্শনেৰে বান্ধি দিয়া নিদিষ্ট সময়সীমা ৯০ মিনিটৰ ভিতৰত ২-১ গ’লৰ ব্যৱধানেৰে লাংহীন ক্ৰীড়া সংস্থা অৱশেষত বিজয়ী হয়। আনহাতে খেলখনৰ প্ৰথমাৰ্ধত দুয়ো দলে ১-১ গ’লেৰে ভাৰসাম্য ৰক্ষা কৰে যদিও খেলখনৰ দ্বিতীয়াৰ্ধত পুনৰ লাংহীনে ২ গল প্ৰদান কৰি ৩-১ গ’লৰ ব্যৱধানেৰে জয় লাভ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0