newsnextone.com | ডিজিটেল ডেস্কঃ ইণ্ডোনেছিয়াত ছুনামীৰ তাণ্ডৱে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে৷ এতিয়ালৈকে ছুনামীয়ে দেশখনৰ ৪ শতাধিক লোকৰ প্ৰাণ লোৱা বুলি আন্তঃৰাষ্টচ্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ পাইছে৷ উল্লেখ্য যে, দেশখনত ৭.৫ প্ৰাৱল্যৰ এটা বৃহৎ ভূইকঁপে জোকাৰি যোৱাৰ পাচতে দেশখনৰ শুলাৱেশ্বী নামৰ দ্বীপটোত ছুনামীৰ সন্ত্ৰাস আৰম্ভ হয়৷
শুকুৰবাৰে বীছ ফেষ্টিভেলৰ বাবে প্ৰস্তুতি চলাই থকাৰ সময়তে অহা ছুনামীয়ে পালু মহানগৰবাসীক বিপদত পেলায় । দেশখনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মুখপাত্ৰ সুট’প’ পুৰৱ’ নুগ্ৰহে জনোৱা অনুসৰি, এই প্ৰাকৃতিৰ দুৰ্যোগত ৫৪০ গৰাকী লোক আহত হোৱাৰ লগতে এতিয়াও নিৰুদ্দেশ হৈ আছে ২৯ গৰাকী । ভূমিকম্পৰ লগতে অহা ছুনামীয়ে উটুৱাই নিয়ে বাসগৃহসমূহৰ লগতে বহু লোকক ।