newsnextone.com || Morigaon : পথাৰত নামিল কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক ৰেল মন্ত্ৰী ৰাজেন গোহাঁই ।শনিবাৰে এনেদৰেই মৰিগাঁৱৰ দুজনকৈ প্ৰগতিশীল কৃষকৰ উদ্যান শস্য পৰিদৰ্শন কৰিলে মন্ত্ৰী গোহাঁইয়ে। শনিবাৰে মন্ত্ৰী তথা স্থানীয় সাংসদ গৰাকীয়ে বুজ ললে জিলাখনৰ গছৰগুৰি আৰু আলিছিগাৰ দুজন কৃষকৰ সমন্বিত কৃষিক্ষেত্ৰত। কবীন্দ্ৰ ডেকা আৰু সোণাৰাম বনিয়া নামৰ কৃষক দুজনৰ প্ৰচেষ্টাক শলাগ লয়। মন্ত্ৰীজনে। উল্লেখ্য যে ৰাজ্যৰাজ্যত থকা কৃষিবিজ্ঞান কেন্দ্ৰ সমূহে কৃষকৰ মাজলৈ গৈ কৃষি আৰু কৃষি খণ্ডত চৰকাৰী সা সুবিধা আগবঢ়াইছে নে নাই পৰীক্ষা কৰিবলৈ উক্ত কৃষিক্ষেত্ৰত উপস্হিত হৈ সন্তুষ্টি প্ৰকাশ কৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়ববীয়াক। সাংসদ গৰাকীৰ আশা এনেদৰে অসমীয়া লৰাই কৃষি কৰ্মত মনোনিবেশ কৰিলে বহিঃৰাজ্যলৈ যাবলগীয়া নহব ।বিশেষতঃ কবীন্দ্ৰ ডেকা আৰু সোণাৰাম বনিয়া ক দেখি আৰু যুৱক আগবাঢ়ি আহিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে পৰিদৰ্শক ৰূপী মন্ত্ৰী গোহাঁইয়ে । মৰিগাঁৱৰ দুয়োজন প্ৰগতিশীল কৃষকে জিলা কৃষি বিভাগ আৰু কৃষিবিজ্ঞান কেন্দ্ৰৰ সহযোগিতাত বিভিন্ন সময়ত বিভিন্ন শস্য উৎপাদন কৰি আত্মসংস্হাপনৰ প্ৰশস্ত কৰিছে মৰিগাঁৱত। সেয়ে মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত দেশৰ কৃষিক্ষেত্ৰৰ তুলনাত ৰাজ্যত বহু উৎস থকা বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে ।
116
previous post