ডিফুত হিতাধিকাৰীৰ মাজত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আনুষ্ঠানিক পত্ৰ বিতৰণ...

Home ৰাজ্যডিফুত হিতাধিকাৰীৰ মাজত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আনুষ্ঠানিক পত্ৰ বিতৰণ ৷

ডিফুত হিতাধিকাৰীৰ মাজত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ আনুষ্ঠানিক পত্ৰ বিতৰণ ৷

by News Desk
120 views
A+A-
Reset

newsnextone.com।ডিফু: আজি ডিফুত হিতাধিকাৰী সকলৰ মাজত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (নগৰীয়া) চমুকৈ পিএম এ ৱাই অধীনত আনুষ্ঠানিক ভাবে লেটাৰ অফ ইণটেণ্ট বিতৰণ কৰে ৷ এই উপলক্ষ্য আজি ডিফু নগৰ সমিতিৰ উদ্যোগত হৰিলাল বস্তিত থকা ক্ষুদ্ৰ ব্যৱসায়ী আৰু হকাৰ সকলৰ পুণ: সংস্থাপন কেন্দ্ৰত ডিফু নগৰ এলেকাধীন ৪৫৬ গৰাকী হিতাধিকাৰীৰ মাজত মুখ্য অতিথি পাৰ্বত্য উন্নয়ণ মন্ত্ৰী চুম ৰংহাঙ আৰু সন্মানীয় অতিথি হিচাপে উপস্থিত থকা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ২লাখ ১০ হাজাৰ টকাৰ অনদানৰ বাবে লেটাৰ অফ ইনটেণ্ট বিতৰণ কৰে ৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কয়যে, প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে জিলা খনৰ ৯ খন নগৰ সমিতৰ লোকে বিনামূলীয়া আৱাস লাভ কৰিব ৷ পট্টাথকা সকলো হিতাধিকাৰী এই যোজনাৰ জৰিয়তে উপকৃত হব৷ পট্টা নথকা সকলে এই আৱাস যোজনাৰ পৰা উপকৃত নহয় ৷ জিলাখনৰ বিভিন্ন জাতি- জনগোষ্ঠীৰ সম উন্নয়ণ আৰু সমবিকাশেৰে কাৰবি আংলংত নতুন দিগন্তৰ সুচনা কৰা হব বুলি কয় ৷ এএছডিচি, আৰু কংগ্ৰেছৰ দীৰ্ঘ শাসন কালত হোৱা উন্নয়ণৰ মাত্ৰ ৫ বছৰতে বিজেপি চৰকাৰে তিনিগুণলৈ বৃদ্ধি কৰিব ৷ ৰাইজক অপপ্ৰচাৰৰ প্ৰতি মন নিদি বিজেপিৰ উন্নয়ণ যাত্ৰাৰ সমভাগী হবলৈ আহ্বান জনোৱাৰ লগতে টীম কাৰবি আংলং হিচাপে জিলাখনত কৰ্ম- সংস্কৃতি স্থাপন কৰিবলৈ আহ্বান জনায় ৰংহাঙে৷ আনহাতে মুখ্য অতিথিৰ ভাষণত পাৰ্বত্য উন্নয়ণ মন্ত্ৰী চুম ৰংহাঙে কয়যে, জিলা খনৰ বহু হিতাধিকাৰীৰ মাটিৰ পট্টা নথকাৰ বাবে প্ৰধান মন্ত্ৰীৰ আৱাস যোজনাৰ পৰা বঞ্চিত হব লগা হৈছে ৷ এনে হিতাধিকাৰীৰ ক্ষেত্ৰত পৈতৃক সম্পত্তি, সন্তানৰ নামজাৰী নোহোৱা বা বিভিন্ন কাৰণত পট্টা লাভ নকৰা সকললৈ কেৱল শপত নামালৈএই গৃহ প্ৰদান কৰাৰ ক্ষেত্ৰত স্বায়ত্ত পৰিষদক বুজাবুজিলৈ আহিবলৈ আহ্বান জনাইছে ৷ জিলাখনত থকা চাৰিটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ে বৃহতৰ কাৰবি আংলঙৰ ভূমি জৰীপ আৰু ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অসুবিধা লাভ কৰে ৷ কাৰবি স্বায়ত্ত পৰিষদে এই কাৰ্যালয় সমুহৰ দৰমহা প্ৰদান কৰি থকাত বিভিন্ন সা- সঁজুলি ক্ৰয়ত অসুবিধা হয়, ৰাজ্য চৰকাৰে পাহাৰীয়া জিলা খনৰ আওপুৰণি ভূমি নীতি আৰু আইনৰ সংস্কাৰ ঘটাব লাগে বুলি মন্তব্য কৰে ৷ পট্টাহীন হোৱাৰ বাবে জিলাখনত ১২,৯২৯ গৰাকী আববেদনকাৰীৰ ১৪১৫৯ গৰাকীহে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ হিতাধীকাৰী হবলৈ সক্ষম হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0