Home ৰাজ্যস্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

স্বাধীনতা দিৱস কাপ ফুটবল প্ৰতিযোগিতা আৰম্ভ

by News Desk
148 views
A+A-
Reset

newsnextone.com/নগাঁওঃ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে অন্যতম পুৰণি তথা আগশাৰীৰ ফুটবল প্ৰতিযোগিতা নগাঁৱৰ সৰ্বভাৰতীয় ৭০ সংখ্যক স্বাধীনতা দিৱস কাপ প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আজিৰে পৰা আৰম্ভ হৈছে৷ নগাঁও ক্ৰীড়া সংস্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত নৈশালোকত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ আজিৰ উদ্বোধনী খেলত ডিফুৰ মৰ্ণিং ষ্টাৰ ক্লাৱে নগাঁৱৰ অম্লান গোষ্ঠীক ২-১ গ’লত পৰাজিত কৰে৷ খেলখনত মৰ্ণিং ষ্টাৰৰ হৈ গ’ল দুটা ক্ৰমে গীন মিনঠাং হানসিং আৰু এৱেল হামন্ডে য়ে দিয়াৰ বিপৰীতে অম্লান গোষ্ঠীৰ হৈ গ’লটো দিয়ে নিৰৱ বৰদলৈয়ে৷ খেলখন পৰিচালনা কৰাত ৰেফাৰী লুকু দাসক সহায় কৰে দিব্যজ্যোতি শৰ্ম্মা,পবিত্র বৰা আৰু শোনিত কুমাৰ বৰা (চতুৰ্থ)ই৷ 
     

      আনহাতে,এই প্ৰতিযোগিতাখনি আজি আনুষ্ঠানিকভাবে উদ্বোধন কৰে প্ৰাক্তন আন্ত:ৰাষ্ট্ৰীয় ফুটবল খেলুৱৈ দেৱাশীষ ৰয়ে৷ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যিক ৰেল মন্ত্রী তথা নগাঁও ক্ৰীড়া সংস্থাৰ সভাপতি ৰাজেন গোহাঁই,বিধায়ক তথা নগাঁও ক্ৰীড়া সংস্থাৰ উপ-সভাপতি ৰূপক শৰ্ম্মা,ৰাজ্যৰ প্ৰাক্তন ক্ৰীড়া আয়ুক্ত স্বপ্ননীল বৰুৱাকে প্ৰমুখ্য কৰি বহু গৰাকী বিশিষ্ঠ লোক উপস্থিত থাকে৷ উদ্বোধনী অনুষ্ঠানতে শতাধিক প্ৰাক্তন খেলুৱৈক বিশেষভাবে সম্বধৰ্না জনোৱা হয়৷ ইপিনে,আজি অনুষ্ঠিত এক সাংস্কৃতিক অনুষ্ঠানত খ্যাতনামা সংগীত শিল্পী ভৃগু কাশ্যপে সংগীত পৰিৱেশন কৰে৷ কাইলৈ সোমবাৰৰ খেলত মৰাণ টাউন ক্লাৱে বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ বিৰুদ্ধে অৱৰ্তিণ হৱ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0