newsnextone.com। তেজপুৰঃ মহাপুৰুষ শংকৰদেৱ আৰু মাধৱ দেৱৰ অমৰ সৃষ্ট ভাওনা বতমান আধুনিকতাৰ প্ৰভাৱত প্ৰায় নাহোৱা হৈ পৰা দেখা গৈছে। ঠিক এনে সময়তে তেজপুৰত দেখা গল এক ব্যতিক্ৰমী দৃশ্য। তেজপুৰ সমষ্টিৰ অন্তৰ্গত সংখ্যালঘু অধ্যুষিত নপাম চাপৰিত মাত্ৰ ছটা হিন্দু সম্প্ৰদায়ৰ লোকে সংখ্যালঘু সম্প্ৰদায়ৰ লোকক লৈ গঢ়ি তুলিছে এটা চুবুৰি।
যি সময়ত এন আৰ চিকে ধৰি অনেক সমস্যাক লৈ শংকিত হৈ আছে তেনে সময়তে চুবুৰি পাতি নামঘৰ পাতি সকলো মিলি সমন্বয় গঢ়াৰ চেষ্টা কৰিছে এইসকল লোকে। বিগত সময়ছোৱাত বিহু অনুষ্ঠিত কৰাৰ পিছত শনিবাৰে নিশা অনুষ্ঠিত কৰিলে গুৰুজনাৰ অপূৰ্ব সৃষ্টি বালি বধ ভাওনা।