Home ভাইৰেলবিহালীৰ কুঁহিয়াৰবাৰীত সমুহীয়া ভৱনৰ আধাৰশিলাৰ স্থান পৰিবৰ্তন

বিহালীৰ কুঁহিয়াৰবাৰীত সমুহীয়া ভৱনৰ আধাৰশিলাৰ স্থান পৰিবৰ্তন

by News Desk
A+A-
Reset

newsnextoneবিহালী ১০ অক্টোৱৰঃ বিহালী বিধানসভা সমষ্টিৰ বৰজাৰনি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুঁহিয়াৰবাৰী বঙালী গাঁৱত কালি স্থানীয় বিধায়ক তথা ৰাজ্যৰ কেবিনেট মন্ত্রী ৰঞ্জিত দত্তই এটি সমুহীয়া ভৱনৰ আধাৰশিলা স্থাপন কৰে৷ শেহতীয়াভাৱে, মন্ত্রী গৰাকীয়ে স্থাপন কৰা আধাৰশিলাৰ নামফলকত ২০১৭-২০১৮ বৰ্ষৰ বিধায়ক পুঁজিৰে কুঁহিয়াৰবাৰী বঙালী গাঁৱৰ ক্লাৱৰ চৌহদত সমুহীয়া ভৱন নিৰ্মান বুলি উল্লেখ আছে৷ কিন্তু উত্থাপিত অভিযোগ মতে ক্লাৱ ঘৰৰ চৌহদৰ পৰিবৰ্তে সমীপতে থকা মন্দিৰতহে চালি নিৰ্মানৰ বাবে এই আধাৰশিলা স্থাপন কৰিলে মন্ত্ৰী তথা বিধায়ক দত্তই৷ 
আনহাতে আঁচনিৰ বিপৰীতে ধাৰ্য কৰা আঁচনিৰ ধনৰ পৰিমান উল্লেখ নথকাক কেন্দ্ৰ কৰিও আন এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ অভিযোগ মতে  উৎসৱ পাৰ্বন,কৃষ্টি উদযাপনৰ লগতে সভা সমিতি পাতিবৰ বাবে এটি সমুহীয়া ভৱনৰ নিৰ্মান স্হানীয় ৰাইজৰ দীৰ্ঘদিনীয়া দাবী আছিল৷ সেই দাৱী অনুসৰি বিধায়ক পুঁজিৰ ধনৰে ভৱন নিৰ্মান হ’ব বুলি আগতীয়াকৈ জানি ৰাইজে সন্তোষ প্ৰকাশ কৰিছিল৷ 
কিন্ত তাৎপৰ্যপূৰ্ণভাৱে, ৰাইজৰ আশাত চেঁচা পানী ঢালি নিজ অভিপ্ৰায় সিদ্ধিৰ বাবে স্থানীয় বিজেপিৰ কৰ্মী সকলে ৰাইজৰ মতামত নোলোৱাকৈ মন্দিৰৰ চালি নিৰ্মানৰ অভিসন্ধি ৰচিছে বুলি স্থানীয় সচেতন  যুৱকৰ একাংশই অভিযোগ উত্থাপন কৰিছে৷ নামফলকত আৱন্টিত ধনৰ পৰিমান  লিখিতভাৱে  উল্লেখ নকৰা কাৰ্যক ধন হৰলুকি কৰাৰ চক্ৰান্ত বুলি অভিযোগ উত্থাপন কৰিছে৷ সিপিনে, চন্দ্ৰ কান্ত গোড়,পৰিমল গোড় আৰু ননীগোপাল গোড়কে আদি কৰি সচেতন যুৱক সকলে সংবাদ মাধ্যমৰ আগত  ৰাইজৰ সুবিধাৰ্থে ক্লাৱ ঘৰৰ চৌহদতে সমুহীয়া ভৱন নিৰ্মান কৰাৰ দাবী জনায় ৷

বিহালীৰ পৰা আব্দুল বাৰেক

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0