Home ভাইৰেলকাৰ্বি আংলঙত পিষ্টল আৰু গুলীসহ নগা যুৱক ধৃত

কাৰ্বি আংলঙত পিষ্টল আৰু গুলীসহ নগা যুৱক ধৃত

by News Desk
75 views
A+A-
Reset

newsnextoneডিফু,১০ অক্টোবৰঃ মঙলবাৰে পুৱতি নিশা অসম-নাগালেণ্ড সীমান্তৱৰ্তী এলেকাৰ ডিলাইৰ ৬ মাইলত অস্ত্ৰ-শস্ত্ৰ সহ আটক হয় এটা নগা অস্ত্ৰ সৰবৰাহকাৰী যুৱক৷ 
আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে এক নিৰ্দিষ্ট সূত্ৰৰ পমখেদি মঙলবাৰে পুৱতি নিশা সেনাৰ লগত লাহৰিজান আৰক্ষী পহৰা চকীৰ আৰক্ষী আৰু বেটেলিয়ানৰ দলে এক যুটীয়া ভ্ৰাম্যমান তালাচী চলাই ডিলাইৰ ৬ মাইলৰ পৰা এটা নগা অস্ত্ৰ সৰবৰাহকাৰীক ৫টা পইণ্ট ২২ পিষ্টল আৰু ১৪ জাই সজীৱ গুলী সহ আটক কৰিবলৈ সক্ষম হৈছে ৷ 
অস্ত্ৰ সৰবৰাহকাৰী যুৱকজন নগালেণ্ডৰ কিফৰি জিলাৰ অন্তৰ্গত পুঙৰ থানা এলেকাধীন জাৱং গাঁৱৰ লিতামং উইমৰ পুত্ৰ অট’ উইম বুলি চিনাক্ত কৰা হৈছে ৷ শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকমূহুৰ্তত এনেদৰে অবৈধ অস্ত্ৰ সৰবৰাহকাৰীক আটক হোৱা ঘটনাই বিশেষ  তাৎপৰ্য্য বহন কৰিছে ৷

ডিফুৰ পৰা ছাইদুল ইছলাম

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0