গঁড় হত্যা ৰোধৰ বাৰ্তা বিলাই সমগ্ৰ ভাৰতবৰ্ষত ২৬,১০০ কিঃমিঃ মটৰচাইকেলেৰে...

Home ভাইৰেলগঁড় হত্যা ৰোধৰ বাৰ্তা বিলাই সমগ্ৰ ভাৰতবৰ্ষত ২৬,১০০ কিঃমিঃ মটৰচাইকেলেৰে ভ্ৰমণ কৰি অসমত প্ৰবেশ কৰিলে জুলীন বৰুৱাই

গঁড় হত্যা ৰোধৰ বাৰ্তা বিলাই সমগ্ৰ ভাৰতবৰ্ষত ২৬,১০০ কিঃমিঃ মটৰচাইকেলেৰে ভ্ৰমণ কৰি অসমত প্ৰবেশ কৰিলে জুলীন বৰুৱাই

by News Desk
104 views
A+A-
Reset

newsnextoneকাৰ্বি আংলং, ১১ অক্টোবৰঃ ৰাজ্যত ইটোৰ পিছত সিটো গঁড় হত্যাৰ ঘটনাই চিন্তাত পেলাই ৰাজ্যবাসীক ৷ প্ৰতিটো গঁড় হত্যাৰ ঘটনাই মৰ্মাহত কৰে অসমবাসীক ৷ অসমীয়াৰ আবেগ, অনুভূতি এশিঙীয়া গঁড় ৰক্ষাৰ বাবে অসমবাসীয়ে বছৰ বছৰ ধৰি প্ৰতিবাদ জনাই আহিছে প্ৰতিখন চৰকাৰক ৷ কিন্তু কেতিয়াও কোনো এখন চৰকাৰে ৰাইজৰ আবেগ অনুভূতিক গুৰুত্ব আৰোপ কৰা দেখা নাযায় ৷ গঁড হত্যা ৰোধ কৰাৰ বাবে বিভিন্ন জনে বিভিন্ন ধৰণে প্ৰতিবাদ তথা ৰাইজক সজাগ কৰাৰ চেষ্টা চলাই আহিছে ৷ পৃথিৱী বিখ্যাত অসমৰ এশিঙীয়া গড় হত্যা ৰোধ কৰাৰ উদ্দেশ্যে এইবাৰ সমগ্ৰ ভাৰতবৰ্ষ মটৰচাইকেলেৰে ভ্ৰমণ কৰি গড় সুৰক্ষাৰ মেচেজ লৈ অসমত প্ৰবেশ কৰিলে জুলীন বৰুৱাই ৷ 


এই বৰ্ষৰ ১৫ মাৰ্চত গুৱাহাটীৰ পৰা মটৰচাইকেল লৈ ওলাই আহিছিল জুলীন বৰুৱা ৷ গুৱাহাটী নিবাসী জুলীন বৰুৱাই মটৰচাইকেলেৰে সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰতিখন ৰাজ্য ভ্ৰমণ কৰি বৰ্তমান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সমূহ ভ্ৰমণৰ পথত ৷ হাফলংৰ পৰা ডিফু, নগালেণ্ড হৈ আজি পুৱাই তেওঁ উপস্থিত হয় পাহাৰীয়া জিলা কাৰ্বি আংলংৰ উদ্যোগ নগৰী বোকাজানত ৷ 
বোকাজানত উপস্থিত হোৱাৰ পিছতেই বোকাজান প্ৰেছ ক্লাবৰ সভাপতি প্ৰকাশ গগৈ আৰু সম্পাদক ৰুবুল দিহিঙীয়াই এখন ফুলাম গামোছাৰে বোকাজান প্ৰেছ ক্লাৱত তেওঁক আদৰণি জনায় ৷ ইটানগৰ অভিমুখী যাত্ৰা পথত বোকাজান প্ৰেছ ক্লাৱত সাংবাদিকৰে হোৱা বাৰ্তালাপত বন্যপ্ৰাণী প্ৰেমী জুলীন বৰুৱাই গঁড় নিধন ৰোধ কৰা তথা সকলোকে বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰাৰ বাবে আহ্বান জনাই ৷ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰাৰ লক্ষ্যৰে বন্যপ্ৰাণীসমূহ জীয়াই থাকিলেহে আমি জীয়াই থাকিম, গতিকে আমি জীয়াই থাকিবলৈ বন্যপ্ৰাণীসমূহক সুৰক্ষা প্ৰদান কৰিবই লাগিব বুলি কয় ৷ সুদীৰ্ঘ যাত্ৰা পথৰ অভিজ্ঞতা বৰ্ণনা কৰি কেৱল অন্ধবিশ্বাসৰ বাবেহে এই অবুজ প্ৰাণী বিধক হত্যা কৰা হয় বুলিও তেওঁ তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ 
২১১ দিনত ২৮খন ৰাজ্যত মুঠ ২৬,১০০ কিলোমিটাৰ পথ ভ্ৰমণ কৰি ভাৰতবৰ্ষৰ কেন্দ্ৰীয় বনমন্ত্ৰীৰ লগতে বিভিন্ন ৰাজ্যৰ ১৬ গৰাকী বনমন্ত্ৰী, ৰাজনীতিবিদ তথা সমাজকৰ্মী কিৰণ বেদী, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহেন্দ্ৰ সিং ধোনী, উপ-অধিনায়ক ৰোহিত শৰ্মা, বিভিন্ন এনজিঅ ৰ কৰ্মকৰ্তা, সামৰিক বাহিনীৰ বিভিন্ন বিভাগীয় শীৰ্ষ বিষয়া, বৃহৎ বৃহৎ ব্যৱসায়ীক প্ৰতিষ্ঠানৰ মুৰব্বী, বিভিন্ন ৰাজনৈতিক দলৰ শীৰ্ষ কৰ্মী, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত সাক্ষাৎ তথা অংশগ্ৰহণ কৰি গড় সুৰক্ষাৰ বাৰ্তা বিলাই অহা জুলীন বৰুৱাৰ এই পৰিভ্ৰমণ অহা ১৩ জানুৱাৰীত গুৱাহাটীত অন্ত পৰিব ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0