ডিজিটেল ডেস্ক |তামুলুপৰঃ কেৰেলাৰ NETUS ABLA নামৰ মাছৰ কোম্পানীত কৰ্মৰত নীলাধৰ দাসৰ কৰুণ মৃত্যু৷ কৰ্মৰত NETUS ABLA কোম্পানীৰ দায়ত্বহীনতাত ক্ষুব্ধ পৰিয়াল৷ নীলাধৰে কৰ্মৰত অৱস্থাতে আজিৰ পৰা এক সপ্তাহ আগতে এটা ওখ অট্টালিকাৰ চাদৰ পৰা তললৈ পৰি যোৱা বুলি জানিব পৰা যায়৷ অসমৰে কেইজন মান যুবকে তাৎক্ষনিক ভাবে ট্ৰিবান্দ্ৰম মেডিকেল কলেজত ভৰ্তি কৰাই যদিও চিকিৎসকে কেৱল ককাঁলৰ চিকিৎসা কৰি চিকিৎসা সমাপ্ত কৰে৷
যোৱাকালি যুবকজনে বিচনাতে ককবকাই থকাত অসমৰ উক্ত যুবক কেইজনে পুনৰ কেৰেলা ইনচটিতিউট অব মেডিকেল চাইন্স নামৰ চিকিৎসালয়ত ভৰ্তি কৰায় যদিও নিশা প্ৰায় ১১ মান বজাত নাক আৰু মুখেৰে ৰক্ত ক্ষৰণ হৈ নীলাধৰ দাসে মৃত্যুক আকোঁৱালি লয়৷ লক্ষণীয় বিষয় এয়ে যে মৃত্যুৰ ১২ ঘন্টা সময় উকলি যোৱাৰ পিছতো নীলাধৰে কাম কৰা কোম্পানীৰ কোনো এজন লোকে পৰিয়ালৰ সৈতে যোগাযোগ নকৰাতো অতি ৰহস্য জনক কথা৷