Home দেশদামত পেট্ৰ’লতকৈ কিয় পিছ পৰি থাকিব ডিজেল

দামত পেট্ৰ’লতকৈ কিয় পিছ পৰি থাকিব ডিজেল

by News Desk
65 views
A+A-
Reset

ডিজিটেল ডেক্সঃ সমগ্ৰ দেশতে এতিয়া ইন্ধনৰ দাম ঊর্ধ্বমুখী। এই প্ৰতিযোগিতাত সকলোতকৈ আগত আছে মুম্বাই। বাণিজ্য নগৰীখনতেই পেট্র’ল-ডিজেলেৰ দাম সৰ্বাধিক। প্রায় সকলো ৰাজ্যতেই পেট্র’লৰ দাম ডিজেলতকৈ বেছি। কিন্তু একমাত্র ব্যতিক্রম পূর্বৰ ৰাজ্য ওড়িষা। ইয়াত ডিজেলৰ দামে চেৰ পেলালে পেট্র’লৰ দামক। যাৰ নেতিবাচক প্রভাৱ পৰিছে সাধাৰণ জনতাৰ ওপৰত। ফলত চাপত পৰিছে নবীন পটনায়ক চৰকাৰ। গোটেই দেশৰ ভিতৰতে ডিজেলৰ দামে পেট্ৰ’লৰ দামক অতিক্ৰম কৰা ঘটনা এয়ে প্রথম। ইয়াৰ ফলত নিত্যপ্রয়োজনীয় সামগ্ৰীৰ দাম আৰু বঢ়াৰ আশংকা কৰিছে ওড়িষাবাসীয়ে। দেওবাৰে ওড়িষাত ডিজেল বিক্রী হয় প্ৰতি লিটাৰত ৮০.৬৯ ৰপৰা ৮০.৭৮ টাকাৰ ভিতৰত। আনফালে পেট্র’লৰ দাম আছিল লিটাৰত ৮০.৫৭ ৰপৰা ৮০.৬৫ টকা। শনিবাৰই ডিজেলেৰ দামে পেট্র’লৰ দামক অতিক্ৰম কৰিছিল লিটাৰত ৬-৭ পইছাকৈ। দেওবাৰেও একেই হাৰত ডিজেলৰ দাম বাঢ়ি গৈ থাকে। দেশৰ অন্য কোনো ৰাজ্যতে এই অৱস্থা হোৱা নাই বুলি জানিব পৰা গৈছে। ওড়িষাত ৰাজ্যিক কৰৰ পৃথক নিয়ম আছে । তাৰ চৰকাৰে পেট্র’ল আৰু ডিজেলৰ ওপৰত একেই হাৰত ভেট প্ৰয়োগ কৰে। এই হাৰ ২৬ শতাংশ। যাৰ ফলত ডিজেলৰ দামে পেট্র’লৰ দামক চেৰ পেলাই আগ বাঢ়িছে। অন্য ৰাজ্যত ডিজেলৰ ভেট কম। ৰাজ্যখনৰ প্ৰধান সমস্যাটো এয়ে যে ওড়িষালৈ বিভিন্ন পণ্য-সামগ্ৰী আন ৰাজ্যৰপৰা আমদানি কৰা হয়। তেল, চেনি, নিমখ, শাক-পাচলি, ফল, মাছ, মাংস, কণী আদি প্ৰায় সকলো নিত্য ব্যৱহাৰ্য সামগ্ৰী আমদানি কৰা হয়। আৰু এই সামগ্ৰী ডিজেলচালিত গাড়ীতে ৰাজ্যৰ বিভিন্ন ঠাইলৈ পৰিবহণ কৰা হয়। ফলত সাধাৰণ জনতাৰ কঁকালত যে টাঙোন পৰিব তাত কোনো সন্দেহ নাই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0