আব্দুল আৱাল, ৰৌতাঃ ওদালগুৰি জিলাৰ মাজবাটৰ ১ নং নহুৰবাৰী গাঁৱৰ কদ্দুছ খান আৰু ফাতেমা বেগমৰ কন্যা দশম শ্ৰেণীৰ ছাত্ৰী চান্দিনী খাতুন। এটি অতি দৰিদ্ৰ পৰিয়ালৰ কন্যা চান্দিনী। চান্দিনীৰ পিতৃ কদ্দুছ খান এজন ক্ষুদ্ৰ ব্যৱসায়ী। মাতৃ ফাতেমা বেগমে গাঁৱে গাঁৱে খাৰু বিক্ৰী কৰি কোনোমতে পৰিয়ালটো চলায়। দৰিদ্ৰতাকো নেওচি চান্দিনী খাতুনে নিজৰ একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু জীৱন সংগ্ৰামৰ মাজেৰে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক্ বক্সিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি স্বৰ্ণ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। দৰিদ্ৰ অভিভাৱকে কিক্ বক্সিঙৰ অনুশীলন কৰিবলৈ ছোৱালীক ব্যয় বহুল সামগ্ৰী কিনি দিব নোৱাৰি নিজ ঘৰৰ তামোল গছত বাঁহ বান্ধি গাড়ীৰ টিউবৰ ভিতৰত বালি আৰু মাটি ভৰাই অনুশীলনৰ সামগ্ৰী তৈয়াৰ কৰি দিছে। পিতৃয়ে ঘৰুৱাভাৱে তৈয়াৰ কৰি দিয়া সামগ্ৰীত অনুশীলন কৰি চান্দিনীয়ে গুৱাহাটী, তেলেংগানা, হায়দৰাবাদ, ছিলঙত অনুষ্ঠিত ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ১০ খন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৮ টাকৈ স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনৰ লগতে সমগ্ৰ ওদালগুৰি জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। স্বৰ্ণ কন্যা চান্দিনী খাতুন ভবিষ্যতে অসম তথা ভাৰতক প্ৰতিনিধিত্ব কৰি বিশ্বজয় কৰাৰ অযুত সপোন মনত পুহি ৰাখিছে যদিও পৰিয়ালৰ আৰ্থিক অনাটনে সেই সপোন বাস্তৱায়িত কৰাত বাধা হৈ থিয় দিছে। পিতৃয়ে সৰু ব্যৱসায় আৰু মাতৃয়ে গাঁৱে-গাঁৱে খাৰু বিক্ৰী কৰি কিক্ বক্সিঙৰ অনুশীলনৰ সা-সামগ্ৰী যোগান ধৰাৰ লগতে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ খৰচ বহন কৰিব পৰা নাই। দুখ আৰু পৰিতাপৰ কথা এয়ে যে, দৰিদ্ৰতাকো নেওচি মাজবাটৰ এখন সৰু গাঁৱৰপৰা গৈ ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ৮ টাকৈ স্বৰ্ণ পদক লাভ কৰি দেশৰ লগতে ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হোৱা চান্দিনীক সহায় কৰা দূৰৈৰ কথা আজিলৈকে চৰকাৰ তথা দল-সংগঠন, স্থানীয় জনপ্ৰতিনিধিয়ে খবৰ এটা ল’বলৈ আহৰি পোৱা নাই বুলি চান্দিনীৰ পিতৃ-মাতৃয়ে দুখ প্ৰকাশ কৰি উচুপি উঠে। আনকি চান্দিনীৰ সেই সাফল্যৰ খবৰ কোনো এটা প্ৰচাৰ মাধ্যমত স্থান নোপোৱাটোও এক দুৰ্ভাগ্যৰ কথা বুলি পিতৃ কদ্দুছ খানে জানিবলৈ দিয়ে। চান্দিনীৰ প্ৰশিক্ষক মুন শৰ্মাই চৰকাৰ তথা বিভিন্ন দল-সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায়। প্ৰতিভাৱান চান্দিনীক অলপ সহযোগ কৰিলে ভৱিষ্যতে তেওঁ অসম তথা ভাৰতৰ নাম বিশ্ব দৰবাত উজলাই তুলিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে শৰ্মাই।
61
previous post