ডিজিটেল ডেস্কঃ কলকাতাৰ পৰা ঢাকা হৈ গুৱাহাটীলৈ যাত্ৰীবাহী জাহাজ সেৱা আৰম্ভ কৰা হ’ব বুলি ঘোষণা হোৱাৰ পিচতেই ভাৰত-বাংলাদেশৰ মাজত নৌ-পৰিবাহনৰ ক্ষেত্ৰত দিল্লী আৰু ঢাকাৰ মাজত আৰু কেবাখনো চুক্তি হোৱা বুলি জানিব পৰা গৈছে৷ ভাৰত আৰু বাংলাদেশৰ মাজৰ এই মজবুত বানিজ্যিক সম্পৰ্কৰ
সুবাদতেই এইবাৰ বাংলাদেশে ভাৰতৰ কলিকতা আৰু হলদিয়া বন্দৰ ব্যৱহাৰ কৰিব পাৰিব৷
বৈদেশিক দপ্তৰৰ এক সূত্ৰ অনুসৰি ভাৰতে আগৰেপৰাই বাংলাদেশৰ চট্টগ্ৰাম আৰু মংলা বন্দৰ ব্যবহাৰ কৰি আহিছে৷ এতিয়া এই দুই বন্দৰৰ যোগেৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যবোৰলৈ পন্য-দ্ৰব্য যোগান ধৰিবলৈ দুয়োখন দেশ চুক্তিবদ্ধ হৈছে৷ ইয়াৰ উপৰিও দুয়োখন দেশৰ নদীবোৰৰ মাজত সংযোগ বৃদ্ধি কৰি বেপাৰ-বানিজ্য বৃদ্ধিৰ বাবে নদী সংস্কাৰৰ বিষয়েও দুয়োখন দেশৰ মাজত আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷