ডিজিটেল ডেস্কঃ বিমান যাত্ৰীৰ প্ৰান ৰক্ষা কৰি চচিয়েল মেডিয়াত ৰাতিৰ ভিতৰতেই জনপ্ৰিয় হৈ পৰিল ছিআইএছএফৰ জোৱান এগৰাকী৷ হৃদৰোগত আক্ৰান্ত হৈ বিমান বন্দৰৰ মজিয়াত ঢলি পৰা মৰনমুখী যাত্ৰী এগৰাকীৰ বুকুত হাতেৰে হেঁচি হেঁচি হৃদযন্ত্ৰ পাম্প কৰি যাত্ৰীগৰাকীৰ নিথৰ দেহত পুনৰ প্ৰানৰ সঞ্চাৰ কৰিলে বিমান বন্দৰৰ নিৰাপত্তা দায়িত্বত থকা ছিআইএছএফৰ জোৱান মোহিত কুমাৰ শৰ্মাই৷ মৃত্যুৰ দুৱাৰদলিৰ পৰা উভতি অহা যাত্ৰগৰাকীক অধিক উন্নত চিকৎসাৰ বাবে হস্পিটালত ভৰ্তি কৰোৱা হয়৷
মুম্বাই বিমান বন্দৰৰ এক সূত্ৰই প্ৰকাশ কৰা মতে যোৱা শুক্ৰবাৰে বিমান যাত্ৰী সকলৰ সুৰক্ষা পৰীক্ষাৰ লাইনত ঠিয় হৈ থকা অৱস্থাতেই হঠাৎ অসুস্থ হৈ পৰে এজন যাত্ৰী৷ যাত্ৰীগৰাকী এনেদৰে হঠাৎ অসুস্থ হৈ পৰা দেখি লগে লগে ছিআইএছএফৰ জোৱান মোহিত কুমাৰ শৰ্মাই তৎপৰতাৰে দৌৰি গৈ পৰিস্থিতি অধ্যায়ন কৰি অসুস্থ যাত্ৰী গৰাকীৰ বুকুত হেঁচি হেঁচি পাম্প কৰি বন্ধ হৈ যোৱা হৃদয়ৰ স্পন্দন পুনৰ উভতাই আনিবলৈ সক্ষম হয়৷ ছিআইএছএফৰ জোৱান মোহিত কুমাৰ শৰ্মাৰ তাৎক্ষনিক আৰু সময়োচিত চেষ্টাৰ ফলত অসুস্থ বিমান যাত্ৰীজন বৰ্তমান বিপদমুক্ত বুলি জানিব পৰা গৈছে ৷