Home ক্ৰীড়ানগঞা দহ খেলুৱৈ ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়ালৈ

নগঞা দহ খেলুৱৈ ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়ালৈ

by News Desk
A+A-
Reset
spo

নগাঁওঃ ক্ৰীড়া ক্ষেত্ৰখনলৈ নগঞা খেলুৱৈয়ে ধাৰাবাহিকভাৱে কঢ়িয়াই অনা ইটোৰ পাছত সিটো সফলতাই নগাঁও জিলাবাসীক গৌৰাম্বিত কৰি অহাৰ সময়তে এইবাৰ ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়াৰ বাবে নিৰ্বাচিত হৈছে নগাঁৱৰ দহ গৰাকীকৈ খেলুৱৈ৷ জানিব পৰা মতে যোৱা ২১ অক্টোবৰত গুৱাহাটীৰ দিছপুৰস্থিত ভোগেশ্বৰী ফুকননী ক্ৰীড়া ক্ষেত্ৰত অনুষ্ঠিত হৈ যোৱা বাছনি শিবিৰৰপৰা এই খেলুৱৈকেইগৰাকীক নিৰ্বাচিত কৰা হয়৷ নিৰ্বাচিত এই দহ গৰাকী খেলুৱৈয়ে সমাগত ৬৪ সংখ্যক ৰাষ্ট্ৰীয় বিদ্যালয় ক্ৰীড়া প্ৰতিযোগিতাত অসম দলক প্ৰতিনিধিত্ব কৰিব৷ নিৰ্বাচিত এই খেলুৱৈ কেইগৰাকীৰ ভিতৰত স্নেহা বৰকাকতী, মল্লিকা দাস, তন্ময়ী দেৱ চৌধুৰী, হিমাংকৰ সাহা, গৌৰৱ শৰ্মা আৰু প্ৰাচুৰ্য বৰাই ভভিনাম সমৰকলাত আৰু কমল বৰা, শেখৰ জ্যোতি বৰা, দেৱাংগনা ভূঞা আৰু নৱনীতা বৰাই ইউনিফাইট সমকলাত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ এই ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাৰ ইউনিফাইট সমৰকলা অহা ১৩–১৭ নৱেম্বৰলৈ হিমাচল প্ৰদেশৰ পালামপুৰত অনুষ্ঠিত হোৱাৰ বিপৰীতে ভভিনাম সমৰকলা অহা ২৫-৩০ নৱেম্বৰলৈ মধ্যপ্ৰদেশৰ ইন্দোৰত অনুষ্ঠিত হ’ব৷ উক্ত প্ৰতিযোগিতাৰ ইউনিফাইট সমৰকলাৰ ৰাজ্যিক প্ৰশিক্ষক হিচাপে নগাঁও জিলাৰ হাতীচোঙৰ নাইটছ সমৰকলা কেন্দ্ৰৰ সহযোগী প্ৰশিক্ষক মৃণাল কুমাৰ মহন্তক দায়িত্ব অৰ্পন কৰা হৈছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0