Home ভাইৰেলদলগাঁৱৰ বেছিমাৰীত বোৱাৰী হত্যা

দলগাঁৱৰ বেছিমাৰীত বোৱাৰী হত্যা

by News Desk
79 views
A+A-
Reset

খাৰুপেটীয়াঃ দৰং জিলাৰ বেচিমাৰীৰ বৰুৱাঝাৰ গাঁওত আজি এক হত্যাকাণ্ড সংঘটিত হয়। উল্লেখযোগ্য যে বৰুৱাঝাৰ গাঁৱৰ আব্দুল জব্বৰৰ পত্নী দুটি সন্তানৰ মাতৃ মফিদা বেগমক আজি বিচনাতে মৃত অৱস্থাত পোৱা যায়। প্ৰত্যক্ষদৰ্শীৰ মতে আজি পুৱা ১০ মান বজাত স্বামী-গৃহত মফিদা বেগমৰ মৃত্যু হোৱাৰ বাতৰি প্ৰচাৰ হোৱাৰ লগে লগে বহু লোকৰ সমাগম হয়। মৃত মফিদাৰ ডিঙিত অস্বাভাবিক দাগৰ উপস্থিতি ধৰা পৰাত স্থানীয় লোকে আৰক্ষীক খৱৰ দিয়ে। ঘটনাৰ খৱৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহতো থানালৈ নিয়াৰ ওপৰিও মফিদাৰ স্বামী আব্দুল জব্বৰক আটক কৰি থানালৈ লৈ যায়। জানিব পৰা মতে পাৰিবাৰিক অশান্তিৰ বাবেই মফিদাই মৃত্যুক সাবতি ল’বলগীয়া হ’ল বুলি কিছুমান লোকে সন্দেহ পিৰকাশ কৰিছে। দলগাও আৰক্ষীয়ে ইতিমধ্যে মৃতদেহতো মৰনোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰিছে।

ফখৰুল ইছলাম,খাৰুপেটীয়া

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0