ৰঙালাউ খেতিৰে বছৰি ৩০ লাখ টকা উপাৰ্জনৰ লক্ষ্য শিক্ষিত যুৱকৰ

Home বাণিজ্যৰঙালাউ খেতিৰে বছৰি ৩০ লাখ টকা উপাৰ্জনৰ লক্ষ্য শিক্ষিত যুৱকৰ

ৰঙালাউ খেতিৰে বছৰি ৩০ লাখ টকা উপাৰ্জনৰ লক্ষ্য শিক্ষিত যুৱকৰ

by News Desk
121 views
A+A-
Reset

নলবাৰীঃ নলবাৰী জিলাৰ ধনতোলাৰ চেংনৈৰ পাগলাদিয়াৰ বুকুৰ পলসুৱা ভূমিত বৃহৎ এলেকাৰ ভূমি সামৰি গঢ় লৈ উঠা ‘পালদিয়া এগ্ৰো অৰ্গেনিক প্ৰডিউচাৰ কোম্পানী লিমিটেড’ৰ অধীনৰ জ্যোতি ফাৰ্মাছ ক্লাবত অাজি অৰ্জুনা নামৰ উন্নত জাতৰ ৰঙালাউ বিক্ৰীৰ শুভাৰম্ভ কৰা হয়। কেইজনমান শিক্ষিত যুৱকৰ প্ৰচেষ্টাত স্থাপন কৰা এই পামত যোৱা বছৰৰ দৰে এইবছৰো ৰঙালাউৰ খেতি কৰি বিক্ৰীৰ বাবে উলিয়াই দিয়া হয়। স্থানীয় বিধায়ক অশোক শৰ্মাই নিজ হাতেৰে ৰঙালাউ ছিঙি ফাৰ্মখনৰ উদ্যোক্তাসকলৰ হাতত অৰ্পণ কৰে। অনুষ্ঠানত কৃষি বিভাগৰ উদ্যানশস্য বিভাগৰ সঞ্চালক প্ৰবীণ কুমাৰ হাজৰিকা, সহ-সঞ্চালক বকুল শইকীয়া, নমাটিৰ সংস্কৃত মহাবিদ্যালয়ৰ উপাচাৰ্য ডঃ দীপক কুমাৰ শৰ্মা, নলবাৰী জিলা কৃষি বিষয়া প্ৰণৱ শইকীয়া, নলবাৰী কৃষি বিজ্ঞান কেন্দ্ৰৰ সমন্বয়ক মৃদুল ডেকা, নলবাৰী অাৰু বাক্সা কৃষি বিভাগৰ সহ-সঞ্চালক হোমেশ্বৰ কলিতা, মৃগেন স্বগীয়াৰী, মহকুমা কৃষি বিষয়া যোগেশ্বৰ ৰাজ মেধি, জিলা বিজেপিৰ সভাপতি বনদ্বিপ ডেকা, জিলা কোষাধ্যক্ষ ধ্ৰুৱজ্যোতি দত্ত, কিষাণ মৰ্চাৰ সভাপতি ধনেশ্বৰ ডেকাসহ বহু লোক উপস্থিত থাকে। উল্লেখ্য যে বিগত বছৰৰ দৰে এই বছৰো জ্যোতি ফাৰ্মাছ ক্লাবে ৰঙালাউ বিক্ৰী কৰি ২০-৩০ লাখ টকা উপাৰ্জন কৰিব বুলি অাশাবাদী যুৱককেইজন। ইয়াৰ লগতে জ্যোতি ফাৰ্মাছ ক্লাবে অাজি মাছৰূমৰ খেতি অাৰু উন্নত প্ৰজাতিৰ জিৰাৰ খেতিৰো শুভাৰাম্ভ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0