বিলাসীপাৰাঃ অসম সাহিত্য সভাৰ সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসমৰ দেশী মুছলমান জনগোষ্ঠীক মিঞাৰ লগত একাকাৰ কৰি কৰা মন্তব্যৰ প্ৰতিবাদত বিলাসীপাৰাত মঙ্গলবাৰে গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ দেশী মুছলমান জনগোষ্ঠীৰ প্ৰতি পৰমানন্দৰ এই বিভ্ৰান্তিমুলক মন্তব্যৰ প্ৰতিবাদত গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ বিলাসীপাৰা জিলা সমিতিয়ে সাহিত্য সভাৰ সভাপতি গৰাকীৰ প্ৰতিকৃতি দাহ কৰি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷
