কাকপথাৰঃ সদৌ মৰাণ ছাত্ৰ সন্থা, ডিৰাক আঞ্চলিক সমিতিৰ পঞ্চম দ্বি-বাৰ্ষিক অধিৱেশন বৰ্ষৰ লগত সংগতি ৰাখি ডিৰাক ফুটবল ক্লাবৰ সৌজন্যত ১ নং সৰু ডিৰাক যুৱ সংঘ, বৰডিৰাক চন্দ্ৰজ্যোতি যুৱ সংঘ, সোণজান যুৱ সংঘ আৰু ডুমচি হাতীগড় যুৱ সংঘৰ সহযোগত সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন উপ-সভাপতি প্ৰয়াত লক্ষীনাথ মৰাণ সোঁৱৰণি প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাখনি আজি ১ নং সৰু ডিৰাক ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হয়।
কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে খেল পৰিচালনা সমিতিৰ সভাপতি আৰু ডিৰাক আঞ্চলিক মৰাণ ছাত্র সন্থাৰ সভাপতি ক্রমে বীৰেন্দ্ৰ নাথ মৰাণ আৰু কুলজিত মৰানে, শ্বহীদ তৰ্পন কৰে খেল পৰিচালনা সমিতিৰ সম্পাদক আৰু ডিৰাক আঞ্চলিক মৰাণ ছাত্র সন্থাৰ সম্পাদক জীয়েন্ত দহোতীয়া আৰু চৌবিক মৰানে, লক্ষীনাথ মৰাণৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সদৌ মৰাণ ছাত্র সন্থাৰ সাধাৰণ সম্পাদক নৱ মৰাণ আৰু প্ৰয়াত লক্ষীনাথ মৰাণৰ পত্নী মালবিকা মৰানে। ইয়াৰ পাছত প্ৰতিযোগিতা উদ্বোধন কৰে শদিয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কীৰ্তিনাথ ফুকনে।