নতুন দিল্লীঃ প্ৰাক্তন মন্ত্ৰী তথা একালৰ সাংবাদিক এম জে আকবৰ দশা ভাল নহয়। একালত কৰি অহা অপকৰ্মৰ ফল ভোগিছে নেতাজনে। কৰ্মস্থানত যৌন নিৰ্যতন কৰা বুলি এগৰাকীৰ পাছত আনগৰাকী সাংবাদিকে ‘মি-টু’ অভিযানৰ সময়ত অভিযোগ উত্থাপন কৰিছে৷
এইবাৰ মুখ খুলিছে আমেৰিকাত কৰ্মৰত এগৰাকী অসমীয়া সাংবাদিকে৷ পল্লৱী গগৈ নামৰ সাংবাদিকগৰাকীয়ে ১ নৱেম্বৰৰ ‘ৱাশ্বিংটন প’ষ্ট’ত লিখা এটা প্ৰবন্ধত কৈছে যে আকবৰে ৯০ৰ দশকত এতিয়াৰপৰা ২৩ বছৰ আগতে ‘দ্য এছিয়ান এজ’ত কাম কৰি থকা সময়ত তেওঁক বলাৎকাৰ কৰিছিল৷