Home অন্যান্য খবৰপুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

পুখুৰীত মহিলাৰ মৃতদেহ উদ্ধাৰ

by News Desk
A+A-
Reset
nno

খাৰুপেটীয়াঃ দৰঙৰ খাৰুপেটীয়াৰ মেলাঘাটৰ পুখুৰীত আজি মহিলাৰ এটা মৃতদেহ উদ্ধাৰ হয়৷ পথচাৰীয়ে পুখুৰীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে৷ পাছত ঘটনাস্থলীত আৰক্ষীৰ লগতে প্ৰশাসনৰ লোক উপস্থিত হৈ মৃতদেহটো চিনাক্ত কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মংগলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে৷ মহিলাগৰাকী খাৰুপেটীয়া টিলাপট্টীৰ জয়ন্তী শীল (৫৫) বুলি চিনাক্ত কৰা হয়৷ মহিলাগৰাকী মানসিকভাৱে বিকাৰগ্ৰস্ত আছিল বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ মহিলাগৰাকীৰ মৃত্যুৰ কাৰণ জানিব পৰা হোৱা নাই যদিও ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে৷ উল্লেখ্য যে মহিলাজনী খাৰুপেটীয়াৰ মানুহৰ ঘৰে ঘৰে কাম-বন কৰিছিল৷ 

News Desk
Author: News Desk

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0