72
নগাঁওঃ নগাঁও আৰক্ষীয়ে ধিঙৰ শালকাটি গাঁৱত শুকুৰবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই অবৈধ মৰণাস্ত্ৰসহ এটা কুখ্যাত অপৰাধী আটক কৰে। আৰক্ষীয়ে আটক কৰা কুখ্যাত অপৰাধীটো শালকাটি গাঁৱৰ মফিদুল ইছলাম বুলি জানিব পৰা গৈছে।
নগাঁও জিলাৰ উপ-আৰক্ষী অধীক্ষক জন দাসৰ নেতৃত্বত চলা এই অভিযানত মফিদুল ইছলামৰ ঘৰৰ পৰা এটা পিষ্টল, এটা গ্ৰেনেডসহ চাৰিটা সজীৱ গুলী উদ্ধাৰ কৰে।
