গোৰেশ্বৰঃ বাক্সা জিলাৰ গোৰেশ্বৰত ৬ নৱেম্বৰত টাউন হলৰ আধাৰশিলা স্থাপন কৰে বি টি চিৰ ই এম মহেশ্বৰ বসুমতাৰীয়ে। এক কোটি ২৫ লাখ টকা ইতিমধ্যে অনুমোদন জনোৱা হৈছে টাউন হলটোৰ নিৰ্মাণৰ বাবে। অতিৰিক্ত এক কোটি ২৫ লাখ টকা টাউন হলৰ বাবে অনুমোদন কৰি মুঠ আঢ়ৈ কোটি টকা ব্যয় সাপেক্ষ গ্ৰাউণ্ড ফ্লৰকে ধৰি তিনিমহলীয়া টাউন হলটো সম্পূৰ্ণ হ’লে গোৰেশ্বৰৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ হ’ব বুলি আশা প্ৰকাশ কৰে ই এম মহেশ্বৰ বসুমতাৰীয়ে।
ইয়াৰে এটা ফ্ল’ৰ বিবাহ ভৱন আৰু আন মহলাৰ গৃহসমূহ গোৰেশ্বৰলৈ অহা বিভিন্ন চৰকাৰী আৰু বেচৰকাৰী কাৰ্যসূচীলৈ ভাগ ল’বলৈ অহা অতিথি থাকিবলৈ ব্যৱহাৰ কৰা হ’ব বুলি উল্লেখ কৰে ই এম গৰাকীয়ে।