ছিপাঝাৰঃ দৰং জিলাৰ ছিপাঝাৰ সমষ্টিৰ বড়াচুবাত হত্যাকাণ্ডক কেন্দ্ৰ কৰি গাওঁখনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। পাৰিবাৰিক সংঘাতৰ কাৰণতে এই হত্যাকাণ্ড সংঘটিত হোৱা বুলি জানিব পৰা যায়।
বুধবাৰৰ নিশা সংঘটিত হোৱা এই ঘটনাত পিতা, পুত্ৰ আৰু জোঁৱায়েকে মিলি অৰুণ শইকীয়া নামৰ যুৱকজনক কুঠাৰেৰে ঘপিয়াই মুমূৰ্ষু অৱস্থাত গছ এডালৰ তলত পেলাই থৈছিল। স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি নাৰায়ণা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও আজি যুৱকজনৰ মৃত্যু হোৱা বুলি খবৰ ওলোৱাৰ পাছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে অঞ্চলটোত৷