79
শিৱসাগৰঃ শিৱসাগৰ জিলাৰ আমগুৰি আৰক্ষী থানাৰ অন্তৰ্গত নামতি কহাৰ গাঁৱৰ এজন লোকক নাজিৰা মাদুৰী বাগানত নৃশংসভাৱে হত্যা কৰাক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
নামতি কহাৰ গাঁৱৰ বিপুল চুতীয়া (৩৮) নামৰ মানসিক বিকাৰগ্ৰস্ত লোকজনক যোৱা দেওবাৰে নিশা প্ৰায় ৮ বজাত মাদুৰী বাগানৰ কেতেকীবাৰী সাপ্তাহিক বজাৰগৃহত হাত ভৰি বান্ধি চকু ফুটুৱাই কেৰাচিন ঢালি হত্যাৰ চেষ্টা কৰা হৈছিল।