38
লক্ষ্নৌঃ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে এখনৰ পাছত আনখন চহৰৰ নাম সলনি কৰি শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছে।
এলাহাবাদক প্ৰয়াগৰাজ আৰু ফাইজাবাদত অযোধ্যা কৰাৰ পাছত এইবাৰ আগ্ৰাৰ নাম সলনিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আগ্ৰাৰ নাম সলনি কৰি ‘অগ্ৰৱান’ বা ‘অগ্ৰৱাল’ ৰখাৰ দাবী উত্থাপন কৰে বি জে পিৰ জগন প্ৰসাদ গাৰ্গে।