57
নাগপুৰঃ সাৱধান! এতিয়া আপোনাৰো আশে-পাশে থাকিব পাৰে আই এছ আইৰ এজেন্ট৷ সন্ত্ৰাস বিয়পোৱা এওঁলোকেই সমগ্ৰ দেশতেই কোনোবা একোণত বহি আপোনাৰ চৌপাশৰ গোপন বাৰ্তা প্ৰেৰণ কৰে শত্ৰু ৰাষ্ট্ৰলৈ৷
ইতিমধ্যে মুম্বাইৰ আৰক্ষীয়ে মহাৰাষ্ট্ৰৰ নাগপুৰৰ ভালদাৰপুৰত পাকিস্তানী চোৰাংচোৱা সংস্থা আই এছ আইৰ দুজন এজেন্টক গ্ৰেপ্তাৰ কৰে৷ মুম্বাইৰ বিশেষ আৰক্ষী দল আৰু নাগপুৰ আৰক্ষীৰ দলে অভিযান চলাই দুজন লোকক গ্ৰেপ্তাৰ কৰে আৰু আন তিনিজন সন্দহযুক্ত লোক সন্ধানহীন হৈ আছে।