নগাঁওঃ অসম কৃষি বিশ্ববিদ্যালয়ৰ সৌজন্যত আৰু আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনী, নগাঁৱৰ তত্বাৱধানত গ্ৰাম্য কৃষি কৰ্ম অভিজ্ঞতা আঁচনি ২০১৮ৰ অধীনৰ ছাত্ৰ-ছাত্ৰীসকলৰদ্বাৰা শনিবাৰে ৰাইদঙীয়াত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়।
ৰাইদঙীয়া ৰাজহুৱা মঞ্চত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৃষক সমাৰোহ আৰু কৃষি প্ৰদৰ্শনীৰ উদ্বোধনী অনুষ্ঠানত সভাপতিত্বত কৰে আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ চিলঙনীৰ মুখ্য বিজ্ঞানী ড০ প্ৰদীপ কুমাৰ দাসে। কৃষি ছাত্ৰ মানস প্ৰতীম চেতিয়াই আঁত ধৰা অনুষ্ঠানটিত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকি নগাঁও জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে নৱ-প্ৰজন্মক কৃষিৰ প্ৰতি আগ্ৰহী হৈ আধুনিক প্ৰযুক্তিৰে কৃষি কৰ্মত মনোনিৱেশ কৰি স্বাৱলম্বী হ’বলৈ আহ্বান জনায়।