নতুন দিল্লীঃ কান্দাহাৰ! আফগানিস্তানৰ কান্দাহাৰ! এই কান্দাহাৰে মনত পেলাই দিয়ে ১৯৯৯ চনৰ ২৪ ডিচেম্বৰৰ সেই ভয়াবহ দিনটোলৈ। কাঠমাণ্ডুলৈ গৈ থকা ইণ্ডিয়ান এয়াৰলাইছৰ বিমানখন অপহৰণ কৰিছিল হৰকত-উল-মুজাহিদ্দিনে। বিমানখনত যাত্ৰী আছিল ১৭৬ গৰাকী।
এক শ্বাসৰুদ্ধ পৰিৱেশ! অপহৰণকাৰীয়ে প্ৰথমে বিমানখন লৈ গ’ল অমৃতসৰলৈ, তাৰ পাছত লাহোৰ আৰু ডুবাইলৈ। ডুবাইত একাংশ যাত্ৰীক মুকলি কৰি দিয়া হয় যদিও এজন যাত্ৰীক তাতেই হত্যা কৰা হয়। অৱশিষ্ট যাত্ৰীক লৈ বিমানখন লৈ যোৱা হ’ল তালিবানৰ নিয়ন্ত্ৰণাধীন আফগানিস্তানৰ পূবৰ চহৰ কান্দাহাৰলৈ। তাৰপৰা চলিল লেন-দেনৰ চৰ্ত। বিমানখনৰ বিনিময়ত ভাৰত চৰকাৰে এৰি দিব লগা হ’ল কুখ্যাত সন্ত্ৰাসবাদী মাছুদ আজগৰ, মুছতাক আহমেদ অজগৰ, আহমেদ ওমৰ আৰু ছৈয়দ শ্বেখক।