ডিজিটেল ডেস্কঃ মালেগাঁও বিস্ফোৰণৰ মুখ্য অভিযুক্ত সাধবী প্ৰজ্ঞা সিংহ ঠাকুৰক আজি বোম্বে উচ্চ ন্যায়ালয়ে জামিনত মুকলি কৰি দিয়ে। নেশ্যনেল ইণ্টেলিজেঞ্চ এজেঞ্চীয়ে ক্লীনশ্বীট দিয়াৰ কেবাসপ্তাহৰ পিছত এই জামিনৰ ঘোষণা কৰিছে আদালতে।
ইয়াৰ পূৰ্বে মুম্বাইৰ এখন বিশেষ আদালতে এনআইএক সুধিছিল যে কি ভিত্তিত সাধবীক ক্লিন শ্বীট দিয়া হৈছে। এনআইএৰ ক্লিনশ্বীটৰ আধাৰত জামিন দিয়া কঠিন বুলি মন্তব্য কৰিছিল আদালতে। ইয়াৰ পিছতে সাধবী প্ৰজ্ঞাই বোম্বে আদালতত জামিনৰ বাবে আপিল কৰিছিল।